দ্য আউটপোষ্ট, গুৱাহাটী, ১৯ জানুৱাৰীঃ ফেচবুক, ইনষ্টাগ্ৰাম আদি জনপ্ৰিয় সামাজিক মাধ্যম সমূহত প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী লেটাৰ হেডত তেওঁৰ স্বাক্ষৰ সম্বলিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষলৈ লিখা এখন বিশেষ পত্ৰ ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছিল ৷ অসমৰ একাংশ বিৰোধী ৰাজনৈতিক দলৰ কিছু নেতা-কৰ্মীয়ে সামাজিক মাধ্যমত উক্ত পত্ৰ শ্বেয়াৰ কৰাৰ লগতে সেই পত্ৰৰ ভিত্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক তীব্ৰ ভাৱে আক্ৰমণ কৰাও পৰিলক্ষিত হৈছিল ৷ আজি কেন্দ্ৰীয় মন্ত্ৰীজনৰ তৰফৰ পৰা এই পত্ৰ ভুৱা বুলি স্পষ্টীকৰণ দিয়াৰ লগতে এই কাৰ্যৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২৭৪ ধাৰা আৰু প্ৰতীক তথা নাম (অনুচিত ব্যৱহাৰ প্ৰতিৰোধ) আইন, ১৯৫০ ৰ আধাৰত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কাণ্ডত জড়িত সকলক ক্ষিপ্ৰ তদন্ত প্ৰক্ৰিয়াৰে তাৎক্ষণিক ভাৱে কৰায়ত্ত কৰিবলৈ অসম আৰক্ষীক কঠুৰ নিৰ্দেশ দিয়া হৈছে বুলি এক বিশেষ সূত্ৰই দাবী কৰিছে ৷
