দ্য আউটপোষ্ট, গুৱাহাটী, ৭ জানুৱাৰীঃ 

বিধায়ক অখিল গগৈয়ে অসম বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা স্ক্ৰীণশ্বট সমূহ যোৱা ৪ জানুৱাৰীত অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেন্সৰ ফটো। এই ভিডিঅ’ কনফাৰেন্সৰ ফটো ইতিমধ্যে সামাজিক মাধ্য়মত শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিষয়ববীয়াসকলে। তেওঁ অখিল গগৈক কটাক্ষ কৰি কয় যে, অখিক গগৈয়ে দিয়া তথ্যৰ ৫ পইচাৰো দম নাই। অৰ্থাৎ কোনো গুৰুত্ব নাই। অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ বিভিন্ন পৰিসংখ্যা দাঙি ধৰিছে। কিমান ভোটাৰ নাম কৰ্তন কৰিব লাগে তেওঁলোকক ঠিক কৰি ল’বলৈ আহ্বান জনাইছে দিলীপ শইকীয়াই। ইফালে তেওঁ কয়, “SR ক লৈ আমি সন্তুষ্ট, কিন্তু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মিঞা প্ৰেম দেখি আমি অসন্তুষ্ট। আৰু এজন আছেই। তেওঁলোকে কেৱল মিঞাৰ নাম বাদ পৰাটো নিবিচাৰে লাগিলে খিলঞ্জীয়াৰ নাম বাদ পৰক। অখিল, লুৰীণৰ কাৰণে মিঞাৰ নাম কৰ্তন হ’ব নালাগে, প্ৰয়োজনত খিলঞ্জীয়াৰ নামেই কৰ্তন হওঁক। তোষামোদ আৰু মিঞা প্ৰেম বিজেপিৰ কাম নহয়।” তেওঁ কয় যে, স্ক্ৰীণশ্বটত দেখা ব্যক্তিজন বিজেপিৰ ডিমৌ সমষ্টিৰ দলীয় বিএলএ বিনোদ কোঁৱৰ ওৰফে হৰ্ষ। অখিল গগৈৰ লগত তেওঁৰ ব্যক্তিগত সুসম্পৰ্ক থাকিব পাৰে। যোৱা ৪ জানুৱাৰীত বিনোদ কোঁৱৰে ফেচবুকত দিয়া ফটোকে অখিল গগৈয়ে ৬ জানুৱাৰীত নিজৰ প্ৰফাইলত আপলোড কৰিছে। অখিল গগৈয়ে যিখন কাণেৰে শুনাৰ কথা কৈছে সেই একেটা কথা ভিচিত থকা ২০০ খন কাণেও শুনিছে। তেওঁলোকৰ পৰা মতামত লওক। বিৰোধী বৌদ্ধিক দীনতাত ভুগিছে। মীৰা বৰঠাকুৰে এইটো বিষয়ত চিবিআইৰ তদন্ত বিচাৰি অপৰিপক্কতাৰ উদাহৰণ দিছে। ” উল্লেখ্য যে, মঙলবাৰে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিজেপিয়ে হস্তক্ষেপ কৰাৰ অভিযোগৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ’ কনফাৰেন্সৰ ফটো সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিছিল বিধায়ক অখিল গগৈয়ে।