দ্য আউটপোষ্ট, নিউজ ডেক্স, ৭ জানুৱাৰীঃ


চুবুৰীয়া দেশ বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলি থকা ধাৰাবাহিক আক্ৰমণে এতিয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত দেশখনত পুনৰ দুজন হিন্দু লোকক অতি নৃশংসভাৱে হত্যা কৰা হৈছে। ইয়াৰ লগে লগে যোৱা ১৮ দিনত বাংলাদেশত প্ৰাণ হেৰুওৱা হিন্দু লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পালে। এই ঘটনাসমূহে দেশখনৰ আইন-শৃংখলা পৰিস্থিতি আৰু সংখ্যালঘুসকলৰ নিৰাপত্তাক লৈ বিশ্বজুৰি প্ৰশ্নৰ সৃষ্টি কৰিছে।


​দোকানৰ ভিতৰতে ব্যৱসায়ীক হত্যা


সোমবাৰে নিশা নৰসিংদী জিলাৰ পলাশ উপজিলাৰ চৰসিন্ধুৰ বজাৰত শৰৎ চক্ৰৱৰ্তী মণি (৪০) নামৰ এজন গেলামালৰ দোকানৰ মালিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হয়। দক্ষিণ কোৰিয়াত কৰ্মৰত মণি কেইবছৰমান পূৰ্বে বাংলাদেশলৈ উভতি আহিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, দোকান চলাই থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই তেওঁক আক্ৰমণ কৰে আৰু হাস্পতাললৈ নি থকা অৱস্থাতে তেওঁৰ মৃত্যু হয়। মণিৰ ১২ বছৰীয়া এজন পুত্ৰ সন্তান আৰু পত্নী আছে। উল্লেখ্য যে, মৃত্যুৰ পূৰ্বে ১৯ ডিচেম্বৰত তেওঁ ফেচবুকত দেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি লিখিছিল— "চাৰিওফালে কেৱল জুই আৰু হিংসা। মোৰ জন্মভূমি এখন মৃত্যু উপত্যকাত পৰিণত হৈছে।"


​সাংবাদিকক গুলীয়াই ডিঙি ৰেপিলে দুৰ্বৃত্তই


একেদিনাই যশোৰৰ মণিৰামপুৰত ৰাণা প্ৰতাপ বৈৰাগী (৪৫) নামৰ এজন হিন্দু সাংবাদিক তথা কাৰখানাৰ মালিকক গুলীয়াই হত্যা কৰা হয়। 'বিডি খবৰ'ৰ কাৰ্যবাহী সম্পাদক ৰাণা প্ৰতাপক তেওঁৰ বৰফ কাৰখানাৰ পৰা মাতি আনি মূৰত তিনিবাৰকৈ গুলী কৰা হয় আৰু তাৰ পিছত ডিঙি ৰেপি থৈ যোৱা হয়। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা সাতটা গুলীৰ খালী খোকা উদ্ধাৰ কৰিছে।


​১৮ দিনত ৬ টা হত্যাকাণ্ড আৰু ধৰ্ষণৰ ঘটনা


কেৱল মণি আৰু ৰাণা প্ৰতাপেই নহয়, যোৱা ১৮ দিনত মৈমনসিংহত দিপু চন্দ্ৰ দাস নামৰ এজন শ্ৰমিকক গণপ্ৰহাৰ কৰি গছত ওলোমাই জ্বলাই দিয়া হৈছিল। আনহাতে, ঔষধ ব্যৱসায়ী খোকন দাস আৰু কাপোৰ কাৰখানাৰ শ্ৰমিক বাজেন্দ্ৰ বিশ্বাসকো ধাৰাবাহিকভাৱে হত্যা কৰা হৈছে। হত্যাৰ সমান্তৰালভাৱে হিন্দু মহিলাৰ ওপৰত চলা যৌন নিৰ্যাতনেও চৰম সীমা চেৰাইছে। ঝিনাইদহ জিলাত এগৰাকী ৪০ বছৰীয়া হিন্দু বিধৱাক অপহৰণ কৰি ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


​ভাৰতৰ উদ্বেগ প্ৰকাশ


মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শাসনকালত সংখ্যালঘুসকলৰ প্ৰতি প্ৰদৰ্শিত এই ধাৰাবাহিক শত্ৰুতা আৰু হিংসাক লৈ ভাৰত চৰকাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতে সমগ্ৰ পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা বুলি জানিবলৈ দিছে।