‘মাজনিশা শুই থকা অৱস্থাত নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নীক তেওঁলোকৰ শোৱনি কোঠাতেই আটক কৰে আমেৰিকাই। খবৰ অনুসৰি, তেওঁলোকে এটা নিৰাপদ কোঠালৈ যাবলৈ চেষ্টা কৰিছিল যদিও আমেৰিকাৰ ডেল্টা বাহিনীয়ে তেওঁলোকক টানি লৈ যায় ... এইয়াই “অপাৰেচন অবচ'লিউট ৰিজ’লভ্! কিন্তু, কেনেদৰে কৰা হৈছিল সমগ্ৰ পৰিকল্পনা!’


দ্য আউটপোষ্টৰ বিশেষ প্ৰতিবেদনঃ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে আমেৰিকান সেনাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বন্দী কৰাৰ বাবে চলোৱা সামৰিক অভিযানটোৰ নাম আছিল “অপাৰেচন অবচ'লিউট ৰিজ’লভ্ (Operation Absolute Resolve)” ৷ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি গৰাকীক আটক কৰি নিউয়ৰ্কত উপস্থিত কৰোৱা লৈকে যি নিপুণতাৰে আমেৰিকান সেনাই এই অভিযান চলালে সেয়া নিশ্চয়কৈ ৷ এক শক্তিশালী আৰু পাৰ্গত সৈনিক শক্তিৰ প্ৰমাণ ৷ অৱশ্যে, এখন সাৰ্বভৌম ৰাষ্ট্ৰত গৈ সেনা অভিযান চলাই এজন ৰাষ্ট্ৰপতিক বন্দী বনোৱা কাৰ্য কিমান নৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি গ্ৰহণযোগ্য তাত বিতৰ্কৰ থল আছে!

আমেৰিকাৰ এই অভিযান এদিনতে পৰিকল্পনা কৰা হোৱা নাছিল ৷ আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএ (CIA) য়ে কেইবামাহো ধৰি সমগ্ৰ দিশ অধ্যয়ন কৰি যুগুত কৰিছিল এই সফল অভিযানৰ পৰিকল্পনা। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল মাডুৰোক ক্ষমতাৰ পৰা আঁতৰোৱা। এই অভিযান অত্যন্ত বিপজ্জনক আছিল। কাৰণ কাৰাকাছত থকা আমেৰিকাৰ দূতাবাস বন্ধ আছিল আৰু আমেৰিকাৰ কোনো কূটনৈতিক সুৰক্ষা নাছিল। ‘নিউয়ৰ্ক টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি যোৱা আগষ্ট মাহত গোপনে ভেনিজুৱেলাত উপস্থিত হৈছিল চিআইএৰ বিষয়াসকলৰ এটা দল।

চিআইএৰ চোৰাংচোৱাই এমাহ ধৰি কাৰাকাছত থাকি মাডুৰোৰ প্ৰতিটো পদক্ষেপ নিৰীক্ষণ কৰি আছিল। মাডুৰোৰ ঘনিষ্ঠ লোকৰ পৰাও তথ্য সংগ্ৰহ কৰিছিল চিআইএয়ে। আমেৰিকাৰ সেনাই মাডুৰোৰ ভ্ৰমণ, জীৱন-যাপনৰ অৱস্থা, খাদ্যাভ্যাস, সাজ-পোচাক আনকি পোহনীয়া জন্তুৰ বিষয়েও সকলো জানিছিল। এই তথ্যৰ ভিত্তিতে আমেৰিকান সেনাৰ অভিজাত ইউনিট ডেল্টা ফৰ্চে মাডুৰোৰ নিৰাপদ আশ্ৰয়স্থলত অভিযানৰ পৰিকল্পনা কৰিছিল। আমেৰিকাৰ কেণ্টাকিত মাদুৰোৰ ঘৰৰ আৰ্হি নিৰ্মাণ কৰা হৈছিল, য’ত সৈন্যই তীখাৰ দুৱাৰ ভাঙি দ্ৰুতগতিত প্ৰৱেশ কৰাৰ অভ্যাস কৰিছিল।

যোৱা ২০২৫ৰ ডিচেম্বৰ মাহৰ প্ৰথমচোৱাতে আমেৰিকাৰ সেনাবাহিনী এই অভিযানৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছিল যদিও মাডুৰোয়ে সঘনাই থকা স্থান পৰিৱৰ্তন কৰাৰ ফলত আমেৰিকান সেনাই কোনোধৰণৰ ততাতৈয়া নকৰি উচিত সময়ত সফল অভিযান চলোৱাৰ অপেক্ষাত আছিল। ৰাষ্ট্ৰপতি মাডুৰোয়ে বাৰে বাৰে চিআইএৰ কৌশল এৰাই চলিবলৈ সক্ষম হৈছিল যদিও শেষত তেওঁ বন্দী হ’ল। বৰদিনৰ কিছুদিন পূৰ্বে ট্ৰাম্পে এই অভিযানত অনুমোদন জনায়। শুকুৰবাৰে নিশা ১০:৪৬ বজাত ফ্ল’ৰিডাৰ মাৰ-এ-লাগোৰ পৰা ট্ৰাম্পে সৈন্যবাহিনীক চূড়ান্ত আদেশ জাৰি কৰে ৷ ইয়াৰ পাছত সেই নিশাই বিপজ্জনক সামৰিক অভিযান আৰম্ভ হ’ল।

এই অভিযানত জড়িত আছিল ১৫০ খনতকৈও অধিক আমেৰিকাৰ বিমান। ইয়াৰ ভিতৰত যুদ্ধ বিমান, বোমাৰু বিমান, নিৰীক্ষণকাৰী বিমান আদি আছিল, যিবোৰ সকলো একেলগে উৰিছিল। আমেৰিকাৰ যুদ্ধ বিমানে ভেনিজুৱেলাৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক লক্ষ্য কৰি লৈছিল যাতে হেলিকপ্টাৰ প্ৰৱেশ কৰিব পাৰে। কাৰাকাছত বিদ্যুৎ বহু পৰিমাণে বিচ্ছিন্ন হৈ পৰিছিল আৰু সমগ্ৰ চহৰখনতে বিস্ফোৰণৰ শব্দ শুনা গৈছিল। যেতিয়া হেলিকপ্টাৰ ৰাষ্ট্ৰপতি মাডুৰো আত্মগোপন কৰি থকা স্থানৰ কাষ চাপিল, তেতিয়া মাডুৰোৰ নিৰাপত্তাৰক্ষী সকলে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। ফলত এখন আমেৰিকান হেলিকপ্টাৰ ক্ষতিগ্ৰস্তও হৈছিল ৷  প্ৰায় ২ বজাত সমগ্ৰ কাৰাকাছত তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায়। ক্ৰমে আমেৰিকান সৈন্যৰ বিশেষ দল ডেল্টা বাহিনী মাডুৰোক বন্দী কৰাৰ অন্তিম পৰ্যায়ত উপনীত হৈছিল।

মাডুৰোয়ে আত্মগোপন কৰি থকা স্থান টুকুৰা ৰাষ্ট্ৰপতিজনৰ বিশ্বাসী নিৰাপত্তাৰক্ষী সকলে এক অভেদ্য দুৰ্গ কৰি ৰাখিছিল। দুয়োপক্ষৰ মাজত ব্যাপক গুলীচালনা হয় যদিও  কোনো আমেৰিকান সৈনিকৰ মৃত্যু নহ’ল। ডেল্টা বাহিনীয়ে শক্তিশালী তীখাৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে। মাডুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছে ততাতৈয়াকৈ এটা নিৰাপদ কোঠালৈ যাবলৈ চেষ্টা কৰে যদিও তেওঁলোক দুয়োকে ডেল্টা বাহিনীয়ে তাৰ আগতেই বন্দী কৰিবলৈ সক্ষম হয় ৷ তাৰ পাছত মাডুৰো আৰু তেওঁৰ পত্নীয়ে আত্মসমৰ্পণ কৰে। হেলিকপ্টাৰেৰে ভেনিজুৱেলাৰ উপকূলত নিয়োজিত আমেৰিকাৰ যুদ্ধ জাহাজ ইউ এছ এছ ইৱ’ জিমালৈ দুয়োকে লৈ যোৱা হয়। ট্ৰাম্পে মাৰ-এ-লাগোৰ পৰা সমগ্ৰ অভিযানটো চাই ছ’চিয়েল মিডিয়াত পুৱা প্ৰায় ৪:৩০ বজাত অভিযানৰ সফলতাৰ বিষয়ে ঘোষণা কৰে। এনেদৰেই সফল পৰিসমাপ্তি ঘটে “অপাৰেচন অবচ'লিউট ৰিজ’লভ্"ৰ ৷