তিনিচুকীয়া জিলাৰ পেঙেৰীত বন্যহস্তীৰ তাণ্ডৱ ৷

বনৰীয়া হাতীৰ তাণ্ডৱত বিনীদ্ৰ ৰজনী কটাইছে পেঙেৰী আৰু নিকটৱৰ্তী অঞ্চলবাসীয়েঃ প্ৰশাসন-জনপ্ৰতিনিধিৰ পিঠি দিয়া মনোভাৱক লৈ ক্ষুভিত ৰাইজ ৷


দ্য আউটপোষ্ট, তিনিচুকীয়া,৩ জানুৱাৰীঃ তিনি
চুকীয়া সমজিলাৰ মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ অধীনস্থ ইনথেম-পেঙেৰী  আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলত বিগত প্ৰায় এমাহ ধৰি বন্যহস্তীয়ে চলোৱা তাণ্ডৱত অঞ্চলটোৰ গ্ৰাম্য ৰাইজে বিনীদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ মাৰ্ঘেৰিটা বিধান সভা সমষ্টি আৰু ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত এই বৃহত্তৰ গ্ৰাম্যাঞ্চলটোৰ খাটাংপানী, লালমাটি, ২ নং টকৌপথাৰ আদি অঞ্চলত যোৱা ডিচেম্বৰ মাহৰ ভিতৰত বনৰীয়া হাতীয়ে ৩০ টাতকৈ অধিক ঘৰ ভাঙিছে বুলি স্থানীয় ৰাইজে দাবী কৰিছে ৷ ৰাইজৰ অভিযোগ মতে, বন্যহস্তীয়ে ঘৰৰ লগতে ঘৰৰ সকলো সামগ্ৰী ভাঙি নষ্ট কৰি পেলোৱাৰ ফলত সৰ্বশ্ৰান্ত হোৱা ভোক্তভোগী পৰিয়াল সমূহৰ কাষত আজিকোপতি মাৰ্ঘেৰিটা সমজিলা প্ৰশাসন, ডুমডুমা বন সংমণ্ডলৰ কোনো বিষয়া গৈ উপস্থিত নোহোৱাৰ লগতে  চৰকাৰী ভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰিবলগীয়া আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবেও দুৰ্ভগীয়া পৰিয়াল কেইটাৰ সৈতে কোনোয়ে যোগাযোগ কৰা নাই ৷ স্থানীয় মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক নাইবা পঞ্চায়তৰ কোনো প্ৰতিনিধিয়েও কোনো ধৰণৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে ৰাইজে ৷ ডুমডুমা বনসংমণ্ডৰ তৰফৰ পৰাও হাতী অহাৰ খবৰ পালে কেৱল কেইজনমান বনকৰ্মীক হাতী খেদিবলৈ প্ৰেৰণ কৰিয়েই দায়িত্ব সামৰে বুলি স্থানীয় গাওঁবাসীয়ে ক্ষুভ প্ৰকাশ কৰিছে ৷  বন বিভাগ, প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিক অতি সোনকালে ভুক্তভোগী পৰিয়াল কেইটাৰ ক্ষতিপূৰণ তথা সাহাৰ্য প্ৰদানৰ ব্যৱস্থা নকৰিলে অঞ্চলটোৰ ৰাইজে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি জনাইছে ৷